Subscribe Us

JSON Variables

JSON Variables

শিৱ-পাৰ্বতী আৰু এটা শিয়ালৰ সাধু

 শিৱ-পাৰ্বতী আৰু এটা শিয়ালৰ সাধু


 

 এখন হাবিত এটা শিয়াল আছিল। তেতিয়াৰ দিনত শিয়ালবিলাকে যেনিয়ে-তেনিয়ে পিন পিনাই ফুৰিছিল। সেই যে ‘হুৱা-হুৱা, ক্যায়া হুৱা, ৰাজা হুৱা’ সাধুটো মনত নাই জানো? আজিকালি কিন্তু শিয়াল দেখিবলৈকে নাইকিয়া হ’ল। মানুহ যে ইমান নিষ্ঠুৰ, খেদি খেদি শিয়াল মাৰে।


 তাৰ পিছত কি হ’ল জানা? এদিন শিয়ালটোক ভোকে শানে কটাদি কাটিছে। গোটেইখন বিচাৰি চলাথ কৰিও সি ক'তো খুদকণ এটাও মুখত দিবলৈ পোৱা নাই। তেনেতে এঠাইত সি মৰা ঘোঁৰা এটা দেখিলে ৷ গতিকে তাৰ বাবে গাখীৰতে ম'হৰ খুঁটি। সি ঘোঁৰাটোৰ পেটৰ ভিতৰৰ কোমল নাৰী-ভুৰুবোৰ প্ৰথমে দকচি কচি খাবলৈ ধৰিলে৷ খাই খাই সি পেটৰ ভিতৰলৈ সোমাই গ'ল। সেইদিনা ভীষণ চোকা ৰ’দ দিছিল। ঘোঁৰাটোৰ ছালচটা ৰ'দত চেপেটা লাগিল। বপুৰা শিয়ালটো ওলাব নোৱৰা হৈ মহা পয়মাল ঘটিল। তেনেতে সেইপিনে শিৱ আৰু পাৰ্বতী কথা পাতি পাতি ফুৰিবলৈ গৈছিল।


 “মোৰ ৰাজ্যত কোনে কথা পাতিছে?'—শিয়ালে ক’লে।


 ‘আমি শিৱ আৰু পাৰ্বতী’—ভগৱান শিৱই ক’লে।


 “তোমালোক শিৱ-পাৰ্বতী নহয়, মোক ভুচুং পহু সজাইছা’—শিয়ালে ক'লে।


 ‘সইত সইত, তিনি সইত খাইছোঁ। আমিয়েই শিৱ-পাৰ্বতী’—শিৱই ক’লে।


 ‘তেন্তে বৰষুণ এজাক দি দেখুওৱা। তেহে সঁচা-মিছা প্ৰমাণ।



হ'ব?'—শিয়ালে ক'লে।


 মুহূৰ্ততে শিৱই এজাক বৰষুণ দিয়ালে। মৰা ঘোঁৰাৰ ছালখন কোমল হ’ল। শিয়ালটো ওলাই ভিৰাই লৰ মাৰিলে। বন্য প্ৰাণীবোৰৰ ভিতৰত শিয়াল সঁচাই বৰ ধূৰ্ত। অকণিহঁত, তোমালোকে ভিৰাই লৰ মৰা, ভুচুং পহু সজোৱা, ভোকে শানে কটা, গাখীৰতে ম'হৰ খুঁটি—এই জঁটুৱা ঠাঁচকেইটাৰে একোটা বাক্য ৰচনা কৰিবা। নোৱাৰিলে অসমীয়া বিষয়ৰ ছাৰ, বাইদেউক সুধি ল’বা।

Post a Comment

और नया पुराने