Subscribe Us

JSON Variables

JSON Variables

জীৱৰ বিচিত্ৰতা পাঠৰ প্ৰশ্ন উত্তৰ

 [16/11 2:23 pm] Ritamisro Baidew: . জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?


উত্তৰঃ বৰ্গীকৰণৰ সুবিধা সমূহ তলত আলোচনা কৰা হ’ল।


(১) জীৱজগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে।


(২) জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰো।


(৩) জীৱ এটাৰ বিতংকৈ অধ্যয়ণ কৰিবলৈ হলে বৰ্গীকৰণৰ দৰকাৰ হয়।


(৪) জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰও জ্ঞান দিয়ে।


(৫) জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয়।


(৬) জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্ব-পোষী নে পৰপোষী জানিব পাৰো।

[16/11 2:24 pm] Ritamisro Baidew: জীৱৰ বিচিত্ৰতা পাঠৰ প্ৰশ্ন উত্তৰ

[16/11 2:27 pm] Ritamisro Baidew: জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টকে বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা? 

উত্তৰঃ জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টকে বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হলে আমি প্ৰথমে চাবলাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয়। অৰ্থাৎ ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষকেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্ব-পোষী এইটো বৈশিষ্ট্য চাব লাগিব অৰ্থাৎ জীৱটোৱে সালোকসংশ্লেষণ কৰিব পাৰে নে নোৱাৰে। 

Post a Comment

Previous Post Next Post