অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ। AHSEC Assamese Book। ৰচনা।
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
অসম এখন নদীপ্রধান দেশ। এই দেশৰ মাজেদি ব্ৰহ্মপুত্র নদ বৈ গৈছে। মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৃষ্টিপাত হয় আৰু তেতিয়া নদ-নদীয়ে পানীৰে উপচি পৰে। পৰ্বতৰ পৰা নদীয়েদি প্ৰবল পানীৰ সোঁত বাগৰি আহে।
১৯৫০ চনত হোৱা অসমৰ ভূমিকম্পৰ ফলত অসমৰ নদ-নদীবোৰৰ বুকু তৰাং হৈ অহা হেতুকে নদীয়ে বেচি পানী ধৰি ৰাখিব নোৱাৰে। ফলত পানী চাৰিওফালে বাগৰি গৈ বানপানী সৃষ্টি কৰে।
সৰুসুৰা বানপানীৰ ফলত মানুহৰ অপকাৰ নহৈ কিছু উপকাৰহে হয়। বানপানীত পোক পৰুৱা আৰু বেয়া আবর্জনাবোৰ উটি ভাহি যায়, পলস পৰি শস্যৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ পুঠি বৃদ্ধি হয়। কিন্তু যদিহে বানপানী ডাঙৰ হয় তেতিয়া ইয়াৰপৰা আমাৰ অপকাৰহে হয়।
কোনো কোনো বছৰত অসমত বাৰিষাত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ ফলত একোটা বছৰতে ৪/৫ বাৰ বানপানী হোৱা দেখা যায়।
বানপানীৰ ফলত পথাৰৰ শস্য হানিৰ উপৰিও পোহনীয়া গৰু, ম'হ, হাঁহ, কুকুৰা আৰু লগতে ঘৰদুৱাৰ উঠি ভাহি যায়। মানুহো মৃত্যু মুখত পৰিবলগীয় হয়। ফলত মানুহ, গৰু আৰু পোহনীয়া জীৱজক্তৰ দুখৰ ওৰ নাথাকে।
আগৰ দিনত বানপানী প্রায় সকলোতে সমানভাৱে হৈছিল। সেয়েহে আগৰ দিনত বানপানীত হোৱা মানুহৰ মৃত্যুৰ হাৰ কম
আছিল আৰু এতিয়া বানপানী সকলোতে সমানভাৱে নোহোৱা বাবে বৰ্তমান বানপানীৰ মানুহৰ মৃত্যুৰ হাৰ বাঢ়ি আহিছে।
আজিকালি অপৰিকল্পিত ভাবে দিয়া বান্ধ মথাউৰি আদিৰ বাবে কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয়। বানপানীৰ গৰাখহনীয়াই বিশেষকৈ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ কেবাখনো নগৰ নিশ্চিহ্ন হবৰ উপক্রম হৈছে।
বানপানী হৈ যোৱাৰ পিছতে সচৰাচৰ আকাল আৰু নানা মাৰি মৰক দেখ দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই কৃষক তথা গোটেই দেশক অভাৱগ্রস্ত কৰে।
অসমীয়া মানুহৰ প্ৰধান খেতি হ'ল ধান। আহু আৰু শালি দুয়োবিধ ধানৰ খেতিৰ বতৰ হল বাৰিষাৰ চাৰি মাহ। গতিকে প্রবল বানপানীত দুয়োবিধ ধান খেতিৰ অনিষ্ট হয়।
কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে বানপানীত আক্রান্ত লোকৰ সাহায্যার্থে বৰঙনি দিয়ে যদিও সিয়ে দুর্গতি মোচনৰ বাবে যথেষ্ট নহয়। ইয়াৰ উপৰিও বানপানী ঘনাই হোৱাৰ ফলত দেশৰ উন্নতিমূলক কার্য-সমূহৰ কোনো উন্নতি হোৱা দেখা নাযায়। ইয়াৰো উপৰিও নদীবোৰত মথাউৰি বান্ধ দিয়া হেতুকে বাৰিষাৰ পানীয়ে-মথাউৰি ভাঙি কোনো কোনো ঠাইত প্রবল বানপানীৰ সৃষ্টি কৰে। ১৯৮৮ চনত ধুবুৰীত এনে হৈছিল।
এটা আশাৰ কথা কেন্দ্ৰীয় চৰকাৰে আগৰ তুলনাত সার্বিক সাহায্য আগবঢ়াইছে।
অসমত স্থায়ীভাবে বান নিয়ন্ত্ৰণ কৰিবলৈ হলে প্রধানকৈ নদীসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব। ভাৰতৰ অন্যান্য ৰাজ্যত
বহুমুখী নদীপৰিকল্পনাৰ জৰিয়তে নদী নিয়ন্ত্ৰণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত তেনে পৰিকল্পনাৰে নদী নিয়ন্ত্রণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই। বর্তমান কেন্দ্ৰীয় চৰকাৰে নদী সংযুক্তিকৰণৰ যি প্ৰকল্পৰ পৰিকল্পনা কৰিছে। সেই প্ৰকল্পৰ ৰূপায়ণ হলে আমি আশা কৰোঁ সমগ্ৰ দেশৰ সৈতে অসমৰো বান নিয়ন্ত্রণ কার্যসূচী অধিক ফলৱতী হ'ব।
গৰাখহনীয়া আৰু ভূমিৰ ক্ষয় প্ৰতিৰোধৰ কাৰণে বৃক্ষৰোপণত অধিক মনোযোগ দিব লাগিব। অসমৰ নদ নদীবোৰৰ পাৰত শিমলু গছ ৰুই দিলে গৰাখহনীয়াৰ লগত জুইশলা কাৰখানাৰো উপকাৰ হব।
অসমৰ হাবি বননিবোৰ ভালদৰে সংৰক্ষণ কৰি মৌচুমী বায়ুৰ গতি স্থিৰ কৰিলে কিছু পৰিমাণ অকাল বানপানীৰ পৰা হাত সাৰিব পৰা যাব।
"চীনৰ চকুলো” বুলি বর্ণনা কৰা হোৱাংহো নদী আজি চীনাসকলৰ বহতীয়া হৈছে। গতিকে প্ৰকৃতিৰ কোনো বস্তুৱে ধ্বংসকাৰী অথবা অপকাৰী নহয়। প্রকৃতিক আয়ত্বাধীন কৰি তাৰ কল্যাণকৰ গুণক কামত লগাব পৰাটোতে হৈছে মানুহৰ কৃতিত্ব।
Post a Comment