Subscribe Us

JSON Variables

JSON Variables

অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা। AHSEC Assamese ৰচনা।


অসমৰ প্ৰাকৃতিক সম্পদ


প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসম প্ৰাকৃতিক সম্পদতো চহকী। অসমৰ জাতীয় জীৱন বৈচিত্র্যপূৰ্ণ কৰিব পৰা জোখেৰে প্ৰাকৃতিক সম্পদ আছে। ভৌগোলিক দিশৰ পৰা অসমৰ উত্তৰে হিমালয় পর্বতমালা, পূর্ব-দক্ষিণত পাটকাই চিংফৌ পৰ্বতৰ লগতে ব্রহ্মদেশ, পশ্চিম দিশত বাংলাদেশ আৰু পশ্চিমবঙ্গ। এই বস্ত্ৰ-গৰ্তা অসম দেশৰ পূব মূৰৰ পৰা পশ্চিমলৈ ব্রহ্মপুত্র নদ প্রবাহিত হৈ গোটেই দেশখনকেই উৰ্বৰা কৰি তুলিছে। ইজিপ্তক নীল নদৰ দান বুলি কোৱাৰ দৰে অসমকো ব্ৰহ্মপুত্ৰৰ দান বুলি কব পাৰি। ব্ৰহ্মপুত্ৰই দেশখনক পলসুৱা আৰু সাৰুৱা কৰি তোলা বাবে বনজ সম্পদত অসম ভাৰতৰ আন ৰাজ্যতকৈ বেছি চহকী।


অসমৰ প্ৰাকৃতিক সম্পদবোৰক ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি। যেনে- নিজ খনিজ সম্পদ, বনজ সম্পদ আৰু প্ৰাণীজ সম্পদ। এই তিনিওবিধ সম্পদেই অসমক একালত আত্মনিৰ্ভৰশীল কৰি ৰাখিছিল। মানৱ সমাজত জনসংখ্যা বৃদ্ধিৰ লগতে অভাৱ অনাটন অহাত অৱশ্যে আজি অসমৰ সেই আত্মনিৰ্ভৰশীলতা নাই যদিও তুলনামূলক ভাবে চহকীৰ শাৰীতেই আছে।


খনিজ সম্পদ: খনিজ সম্পদৰ ভিতৰত অসমৰ তেল সম্পদৰ কথা সবাতোকৈ আগতেই কব লাগিব। অসমৰ খনিজ তেলৰ উৎপাদন ভাৰতবৰ্ষৰেই এটা সম্পদ হৈ পৰিছে। ১৯১৮ চনত পোন প্রথমে অসমত খাৰুৱা তেলৰ খনি আৱিষ্কৃত হৈছিল। তেতিয়া আমাৰ দেশ ইংৰাজৰ অধীন আছিল। ইংৰাজ বিলাকে এই তেল উৎপাদন কৰি শোধন কৰাৰ বাবে ডিগবয়ত এটা


শোধনাগাৰ স্থাপন কৰিছিল। সেই শোধনাগাৰৰ তেলেই সেই সময়ত দেশেৰ চাহিদা পূৰণ কৰিছিল।


ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসমৰ বুকুত নানা প্ৰকাৰ জৰীপ আৰু অনুসন্ধান চলোৱা হ'ল। এই অনুসন্ধানৰ ফলত খাৰুৱা তেলৰ কেইবাটাও খনি এই আৱিষ্কৃত হোৱাত অসম খনিজ তেলৰ বাবে প্রখ্যাত হৈ উঠিল। উজনি অসমৰ নাহৰকটীয়া, দুলিয়াজান, লাকোৱা, মৰান আৰু ৰুদ্রসাগৰত যথেষ্ট পৰিমাণৰ খাৰুৱা তেল জমা হোৱাৰ প্ৰমাণ হ'ল। বিশেষজ্ঞসকলৰ মতে সমগ্র উজনি অসমতেই তেল ব্যাপী আছে বুলি মত প্রকাশ কৰিছে। এই তেলৰ খনি উদঘাটিত হোৱাৰ পিছত বঙ্গাইগাওঁ আৰু নুনমাটিত তেল শোধনাগাৰ স্থাপিত হৈছে।


অসমৰ তেলে যথেষ্ট পৰিমাণে অর্থনৈতিক সমস্যাৰ সমাধান কৰিছে। শোধনাগাৰত কাম কৰাৰ সুবিধা পোৱাৰ ফলত ভাৰতৰ নিবনুৱা সমস্যাৰো যথেষ্ট সমাধান হৈছে। অলাগতীয়াল পদাৰ্থবোৰৰ পৰা নানা প্ৰকাৰ উদ্যোগ স্থাপন হোৱাৰ সুবিধা হৈছে। খাৰুৱা তেলৰ পৰাই গেছ উৎপাদন হোৱাত বহুতো লোক উপকৃত হৈছে। তেলৰ লগতে গেছৰ ব্যৱসায়ো বৃদ্ধি পাইছে।


কাজেই বাণিজ্যিক দিশটোৰ পৰিসৰ বৃদ্ধি কৰাত দেশৰ অর্থনৈতিক সমস্যাৰ ভালেখিনি উপকাৰ হৈছে।


অসমৰ আন এবিধ বহুমূলীয়া খনিজ সম্পদ হৈছে কয়লা। কয়লাৰ সহায়ত নানা কলকাৰখানা চলোৱা হয়। অসমৰ লিডু আৰু মাৰ্ঘেৰিটাই কয়লাৰ উৎপাদন কেন্দ্র। এই দুই ঠাইৰ কয়লাই অসমৰ চাহিদা পূৰণ কৰি আছে। অসমত কয়লাৰ লগত গন্ধকো পোৱা যায়। গন্ধক বৰ প্ৰয়োজনী বস্তু। অসমৰ ভূ-গর্ভস্থ লোণ, গন্ধক, চুণ, সোণ আদিৰ খনি আছে বুলিও বহুতে অনুমান কৰে।


বনজ সম্পদ: বনজ সম্পদত অসম ভাৰতৰ ভিতৰত শ্রেষ্ঠত্বৰ দাবী কৰি আহিছে। অসমৰ পৰ্বত-ভৈয়াম সকলোতেই ডাঙৰ হাবি আছে। সেই হাৰিবোৰত বিভিন্ন ধৰণৰ মূল্যৱান কাঠ, বাঁহ, বেত আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। শাল, বনচুম, তিতা চঁপা, চেগুন, সৰল, সোণাৰু, খৈৰা আদি মূল্যৱান কাঠ অসমৰ হাবিত আছে। এই কাঠবোৰ অসমৰ চাহিদা পূৰণ কৰাৰ উপৰিও ভাৰতৰ আন আন ৰাজ্যৰ চাহিদা পূৰণ কৰিব পাৰিছে। ঘৰ-দুৱাৰ নিৰ্মাণ, মানুহৰ প্ৰয়োজনীয় আচৱাবৰ বাবে ব্যৱহৃত হোৱা এই কাঠবোৰ অসমক যথেষ্ট পৰিমাণৰ ৰাজহ দিয়ে। অসমৰ প্লাইউদ কাৰখানাই যথেষ্ট ধন উপার্জন কৰি বহুতো বনুৱাক অন্ন-বস্ত্ৰৰ সংস্থান দিব পাৰিছে। অসমৰ হাবিত অগৰু, চন্দন আদি নানা সুগন্ধি গছো আছে। এই গছবোৰৰ পৰা নানা সুগন্ধি আতৰ আদি তৈয়াৰ কৰিব পাৰিলে দেশখনৰ উপকাৰ হব।


চাহ পাত অসমৰ এবিধ মূল্যবান সম্পদ। অসমৰ আটাইকেইখন জিলাতেই চাহ খেতি হয়। বর্তমান অসমত সৰ্বমুঠ প্ৰায় এহেজাৰ এখন চাহ বাগীচ্ছা আছে। আদিতে এই চাহ বাগীছাবোৰ ইংৰাজৰ হাতত আছিল। চাহপাতৰপৰা অসমে যথেষ্ট ৰাজহ লাভ কৰে।


প্ৰাণীজ সম্পদ: অসমৰ হাবিবোৰত যথেষ্ট পৰিমাণে মূল্যবান জীৱজক্ত পোৱা যায়। অসমৰ গঁড় পৃথিৱী বিখ্যাত। ইয়াৰ উপৰিও হাতী, হৰিণা, বাঘ-ভলুক আদি নানাবিধ জক্ত আছে। আমাৰ দেশৰ পৰা চৰকাৰে জীৱজণ্ডৰ বাবেও যথেষ্ট ৰাজহ আদায় কৰে। কাজিৰঙা অভয়াৰণ্যত গঁড় আছে। গঁড় পৃথিবীৰ ভিতৰত আটাইতকৈ মূল্যৱান সম্পদ। গঁড়ৰ মূৰত থকা থা অতি মূল্যবান বস্তু। অসমৰ গড় পৃথিবীৰ অন্যান্য দেশলৈকো ৰস্তানী কৰা হৈছে। নানাবিধ চৰাই চিৰিকতিৰে অসমে ভৰপুৰ। বিদেশৰ বহু লোক অসমৰ জীৱজক্ত দৰ্শন কৰিবলৈ আৰু সেই


সম্পর্কে অধ্যয়ন কৰিবলৈ আহে। হাতীৰ দাঁতৰ পৰা, জৰুৰ হাড়ৰপৰা নানা প্ৰকাৰ বস্তু তৈয়াৰ কৰা হয়। চামৰা বিক্ৰী কৰিও চৰকাৰে ধন অর্জে। এই জীৱজক্তৰ চৰ্বিৰ পৰা নানা প্ৰকাৰ ঔষধো তৈয়াৰ কৰা হয়।


আমাৰ অসমত পৰ্বত-পাহাৰ, নদ-নদী যথেষ্ট আছে। অসমৰ নদীবোৰ পাহাৰ-পৰ্বতৰ পৰা ওলাই অহা বাবে খৰস্রোতা। তাৰোপৰি প্ৰায়বোৰ নদীতেই বাৰ মহে পানী থাকে। ইয়াৰ ফলত অসমত জলবিদ্যুৎ উৎপাদন কৰিব পৰা যায়। নদীবোৰৰপৰা পানীৰ যোগান ধৰিব পাৰিলে খেতিৰ উন্নতিও সাধন কৰা সম্ভব হৈ উঠে। অসমৰ প্ৰায় প্রতিটো নদীতেই বহুমুখী নদী পৰিকল্পনা গ্ৰহণ কৰিব পৰা যায়। কাছাৰৰ বৰাক নদী আৰু অসমৰ বুকুৱেদি বৈ যোৱা ব্ৰহ্মপুত্রই অসমক পায় শস্য-শ্যামলা কৰি ৰাখিছে। অকল সেয়েই নহয় বিশাল ব্রহ্মপুত্রই বাণিজ্যিক উন্নতি সাধনতো সহায় কৰিছে।

Post a Comment

Newer Older