অসমীয়া ব্যাকৰণ। Assamese grammar for class 12।
1. সমাস (Compound Words)
সমাসৰ পৰা প্ৰায় প্ৰতিবছৰেই ৩-৪ নম্বৰ আহে।
দ্বন্দ্ব সমাস: য’ত দুয়োটা পদৰ অৰ্থ প্ৰধান। (উদাহৰণ: মাক আৰু বাপেক = মাক-বাপেক)
তৎপুৰুষ সমাস: পিছৰ পদৰ অৰ্থ প্ৰধান। (উদাহৰণ: ৰজাক দৰ্শন = ৰাজদৰ্শন)
বহুব্ৰীহি সমাস: অন্য এটা অৰ্থহে বুজায়। (উদাহৰণ: দহ মুখ যাৰ = দশানন)
2. সন্ধি (Sandhi)
স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ পৰা বেছি প্ৰশ্ন আহে।
উদাহৰণ ১: হিম + আলয় = হিমালয় (অ + আ = আ)
উদাহৰণ ২: সৎ + জন = সজ্জন (ত্ + জ = জ্জ)
3. প্ৰত্যয় (Suffixes)
কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ পাৰ্থক্যটো মনত ৰখা গুৰুত্বপূৰ্ণ।
কৃৎ প্ৰত্যয়: ধাতুৰ পাছত বহে। (উদাহৰণ: √খাদ + অন = খাদন)
তদ্ধিত প্ৰত্যয়: শব্দৰ পাছত বহে। (উদাহৰণ: সমাজ + ইক = সামাজিক)
4. জতুৱা ঠাঁচ আৰু খণ্ডবাক্য (Idioms & Phrases)
এইবোৰ বাক্য ৰচনা হিচাপে আহে। তলত কেইটামান গুৰুত্বপূৰ্ণ দিয়া হ’ল:
কঁকালত টঙালি বন্ধা: (স সাজু হোৱা) – পৰীক্ষাৰ বাবে ৰামে কঁকালত টঙালি বান্ধিছে।
চকুৰ মণি: (অতি আদৰৰ) – একমাত্ৰ পুত্ৰ মাকৰ চকুৰ মণি।
মূৰ ঘমোৱা: (চিন্তা কৰা) – অকামিলা কথাত মূৰ ঘমোৱা অনুচিত।
Post a Comment