Subscribe Us

JSON Variables

JSON Variables

মহাশিৱৰাত্ৰি: ভক্ত আৰু ভগৱানৰ এক অনন্য মিলনৰ নিশা। মহাশিৱৰাত্ৰি: ভক্ত আৰু ভগৱানৰ এক অনন্য মিলনৰ নিশা।

 মহাশিৱৰাত্ৰি: আধ্যাত্মিকতা আৰু ভক্তিৰ এক পবিত্ৰ মিলনৰ নিশা





মহাশিৱৰাত্ৰি: ভক্ত আৰু ভগৱানৰ এক অনন্য মিলনৰ নিশা

ফাগুনৰ চেঁচা বতাহজাকৰ লগতে যেতিয়া আকাশত শিৱৰাত্ৰিৰ জোনটো উদয় হয়, আমাৰ মনবোৰ আপোনা-আপুনি এক আধ্যাত্মিক পৰিৱেশত বিলীন হৈ যায়। শিৱৰাত্ৰি কেৱল এটা ধৰ্মীয় উৎসৱ নহয়, এয়া যেন আমাৰ দৰে সাধাৰণ মানুহবোৰৰ বাবে মহাদেৱৰ চৰণত নিজক সঁপি দিয়াৰ এক বিশেষ সুযোগ।

শিৱৰাত্ৰিৰ আচল অনুভৱ

মহাশিৱৰাত্ৰি বুলি ক'লেই আমাৰ চকুৰ আগত ভাহি আহে— হাতত এগছি চাকি, এঘটি পবিত্ৰ পানী আৰু মুখত কেৱল এটাই মন্ত্ৰ: "ওঁ নমঃ শিবায়"। বিশ্বাস কৰা হয় যে এই পবিত্ৰ দিনটোতে দেৱাধিদৱ মহাদেৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ হৈছিল। সেইবাবেই হিন্দু ধৰ্মত এই দিনটো অত্যন্ত মংগলময় বুলি মনা হয়।

আমি কেনেকৈ পালন কৰোঁ?

এই দিনটোত ভক্তসকলে পুৱাৰে পৰা উপবাসে থাকি মন-প্ৰাণ পবিত্ৰ কৰি ৰাখে। শিৱৰাত্ৰিৰ প্ৰধান আকৰ্ষণ হ’ল:

বেলপাত আৰু ধুতুৰা: মহাদেৱৰ অতি প্ৰিয় বেলপাত আৰু ধুতুৰা ফুল অৰ্পণ কৰি আমি আমাৰ দুখ-কষ্টবোৰ তেওঁৰ চৰণত থৈ আহোঁ।

জলাভিষেক: শিৱলিংগত গাখীৰ বা পানী ঢালি মনৰ শান্তি আৰু ঘৰখনৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা হয়।

জাগৰণ: বহুতে গোটেই নিশা সাৰে থাকি নাম-প্ৰসংগ কৰে। বিশ্বাস কৰা হয় যে এই পবিত্ৰ নিশা যিয়ে সাৰে থাকি মহাদেৱক স্মৰণ কৰে, তেওঁৰ জীৱনৰ আন্ধাৰ আঁতৰি যায়।

আমাৰ অসমত শিৱৰাত্ৰিৰ মাদকতা

অসমৰ শিৱৰাত্ৰিৰ এক বেলেগ আমেজ আছে। বিশেষকৈ শিৱসাগৰৰ শিৱদ’লত হোৱা বিৰাট মেলাখনৰ কথা ক’লেই মনটো আনন্দত নাচি উঠে। গুৱাহাটীৰ উমানন্দলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ যাত্ৰা আৰু তাৰ পিছত মন্দিৰৰ সেই শান্ত পৰিৱেশ— সঁচাকৈ অনন্য! কেৱল ডাঙৰ মন্দিৰেই নহয়, আমাৰ গাঁৱৰ সৰু-বৰ সকলো শিৱ মন্দিৰতে শৰাই-নৈবেদ্যৰে ভক্তৰ লানি নিছিগা ভিৰ হয়।

শিৱৰাত্ৰিয়ে আমাক শিকায় যে সত্য আৰু সৰলতাৰ মাজতেই আচল ভগৱান লুকাই থাকে। এইবাৰৰ শিৱৰাত্ৰিয়ে আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, তাৰেই কামনা কৰিলোঁ।

Post a Comment

और नया पुराने