Class 12 Assamese Book All Question and Answers
দ্বাদশ শ্ৰেণী অসমীয়া অধ্যায় ১
মোৰ মাতৃমুখ দর্শন
অধ্যায় ১ MCQs উত্তৰ
পেইড উত্তৰ (এতিয়াই কিনিব)
অতি আকৰ্ষণীয় প্ৰশ্ন (mark-1)
১। 'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটো ক'ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটো ড. নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খণ্ড) পৰা লোৱা হৈছে।
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত।
৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰপৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল।
৪। ১৯৩০ চনৰ ১৯ ছেৱেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰঃ ১৯৩০ চনৰ ১১ দেৱেম্বৰত সম্বলদূৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধর্মিনী প্রজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম 'লিতিকাই'।
প্ৰশ্ন (ৰেটিং-২/৩)
১। মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটিৰ নামাকৰণৰ তাৎপর্য ব্যাখ্যা কৰা। উত্তৰঃ কর্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কর্মব্যস্ততাৰ বাবে দীর্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটিৰ নাম 'মোৰ মাতৃমুখ দর্শন' দিয়া হৈছে।
২। 'মোৰ মাতৃমুখ দর্শন' শীর্ষটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল?
উত্তৰঃ মোৰ মাতৃমুখ দর্শন শীর্ষটিত 'মাতৃ' শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। প্রায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্রণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপানি গাই লেখকক আহ্লাদিত কৰিছিল। এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল।
৪। 'মোৰ মাতৃমুখ দৰ্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ' আৰু 'জ্ঞান' কোন আছিল?
উত্তৰঃ মোৰ মাতৃমুখ দর্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ' আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান' আছিল আৰ্লল কলেজৰ প্রিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট-লৰ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-
ক) প্রাকৃতিক সৌন্দর্য-ব্রহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্রান্ত আদি অলেখ অতুলনীয় প্রাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এই সমূহে লেখকক আনন্দ দিছিল।
খ) ঐতিহাসিক উৎকর্ষ-গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰে তীর্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে । এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায়।
গ) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্রাচীন স্থানে প্রত্নতাত্বিক প্রাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে। এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ।
দীঘলীয়া প্ৰশ্ন (ৰেটিং-৪/৫)
১। মোৰ মাতৃমুখ দর্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে'লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ কর্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কর্মব্যস্ততাৰ বাবে দীর্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত ১৯৩০ চনৰ ১৯ চেৱেম্বৰত সম্বলদূৰৰপৰা অসমলৈ বুলি যাত্রা আৰম্ভ কৰে। সংগী আছিল সহধর্মিনী প্রজ্ঞা সুন্দৰী আৰু সৰু জী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল। যাৰ বাবে তেওঁৰ পৰিয়ালটো তেয়ক-লঘোণে যাব লগা হ'ল। ২০ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ললে। কলিকতাৰপৰা অসম অভিমুখী যাত্রাত আকৌ গাড়ীখনত অত্যাধিক যাত্রী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে। ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেৱেম্বৰত গুৱাহাটীত উপস্থিত হয়হি।
২। মোৰ মাতৃমুখ দর্শন' পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তরঃ মহাদেরে কাম বন নকৰি ভাং খতুবা খাই ঘৰতে বহি থকা দেখি এদিন পার্বতীযে ককর্থনা কৰিলে। ঘৰতে বৃষভটো আছে, যাঁহ পানী খাই নোদোকাটো হৈছে। তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আর্জিব পাৰে বুলি ধিক্কাৰ দিলে। পার্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে। শোৱা, খোৱা গুছিল। ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে হোৱাত পার্বতী সমস্যাত পৰিল। গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভূংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে । পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেরে নান্দৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পার্বতীযে এইবান অসংখ্য মখ-ডায়, চেনেপা
সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্র সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পূৰি ধ্বংস কৰিলে।
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা।
উত্তৰঃ হাহা হছ পাৰ্বতীৰ মানসপুত্ৰ আছিল।
মহাদেৱে কাম বন নকৰি ভাং ধড়ুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে। ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে। তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আর্জিব পাৰে বুলি ধিক্কাৰ দিলে। পার্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে। শোৱা, খোৱা গুছিল ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে হোৱাত পার্বতী সমস্যাত পৰিল। গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভূংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীযে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্র সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে।
৪। 'ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।'-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰঃ দীর্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্রথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ স্ত্রীসূলভ গাম্ভীর্য আৰু কমনীয়তাৰ এচুলিমানো হ্রাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদামৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্রবিদ ডেকাসকলে আঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্রবিদ ডেকাসকলে আঁকা ছবিতকৈ কোনো গুণে কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভাৱঘৰৰ ডেকাসকলে আশাতীত ভাবে উন্নতি কৰিছিল। পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈযে কৃতিত্ব দেখুৱাইছিল। প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনযে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। উত্তৰ: নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয়। অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্রকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অভি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে।
অতিৰিক্তঃ
১। বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল "বার্ড কোম্পানী"।
২। "ভ্ৰমৰংগ' শ্বেক্সণীযেৰৰ "Comedy of Errors" নাটকৰ অনুবাদ।
एक टिप्पणी भेजें