শীৰ্ষক: শেষৰ যুঁজখনৰ বাবে সাজু হোৱা (The Final Lap)
"মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল,
বৰ্তমান আমি এনে এটা সময়ত আছোঁ য’ত চাৰিওফালে কেৱল এখন নামহীন যুদ্ধৰ প্ৰস্তুতি। সন্মুখত ফাইনেল পৰীক্ষা, ঘৰৰ মানুহৰ আশা-আকাংক্ষাৰ বোজা, আৰু টেবুলত থকা কিতাপবোৰ কেতিয়াবা পাহাৰ যেন লাগে। মনলৈ আহে— 'মই পাৰিম জানো?'
কিন্তু এটা কথা মনত ৰাখিবা— তোমাৰ মাৰ্কশ্বীটে তোমাৰ পৰৱৰ্তী বাটটো ঠিক কৰি দিব পাৰে, কিন্তু তোমাৰ মূল্য কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে।
আজি হয়তো তোমাৰ নিজকে এটা ৰোল নম্বৰ বা এটা পৰীক্ষাৰ্থী যেন লাগিছে। মৰিগাঁৱৰ কোনোবা এটা শান্ত কোণতেই হওক বা আন ক’ৰবাত, আমাৰ সকলোৰে সংগ্ৰাম একেই। আমি ভাগৰুৱা, আমি আমনি পাইছোঁ একেবোৰ গ্ৰামাৰৰ নিয়ম আৰু ফৰ্মুলা পঢ়ি পঢ়ি।
কিন্তু এবাৰ ভাবি চোৱা তুমি আৰম্ভ কিয় কৰিছিলা? ভাবি চোৱা সেইজন তোমাৰ কথা যিয়ে একাদশ শ্ৰেণীত ভৰি দিওঁতে বহুত সপোন দেখিছিল। ভাবি চোৱা সেই মা-দেউতাৰ মুখখনৰ কথা যিয়ে তোমাৰ এটা হাঁহি দেখিবলৈ অপেক্ষা কৰি আছে।
সাফল্য মানেই কেৱল আটাইতকৈ চোকা হোৱাটো নহয়; সাফল্য মানে হ’ল আমনি লগা সময়তো হাৰ নমনাটো।
যেতিয়া ফেচবুক স্ক্ৰ’ল কৰিবলৈ মন যায়, সেই সময়ত আৰু ৩০ মিনিট পঢ়িব পৰাটোৱেই হ’ল সাহস।
যেতিয়া মগজুৱে কয় ‘আৰু নোৱাৰি’, তেতিয়া আৰু এটা অংক সমাধান কৰিব পৰাটোৱেই হ’ল জিকিবলৈ কৰা যুদ্ধ।
পুৱা বিচনাখন এৰিবলৈ টান পালেও ৫ বজাত উঠি পঢ়া মেজত বহাটোৱেই হ’ল আচল হিৰোৰ কাম।
তোমাক প্ৰতিদিনেই ১০০% শুদ্ধ হ’বলৈ দৰকাৰ নাই। কেৱল যোৱাকাইলৈকৈ আজি ১% বেছি ভাল হ’বলৈ চেষ্টা কৰা। যদি কালি নজনা এটা চেপ্টাৰ আজি শিকিছা, তেন্তে তুমি জয়ী হৈছা।
পৰীক্ষাটো এটা খেলৰ দৰে। ইয়াৰ নিয়মবোৰ শিকা, কৌশলবোৰ অভ্যাস কৰা আৰু সম্পূৰ্ণ শক্তিৰে খেলা। যেতিয়া তুমি পৰীক্ষা হলৰ পৰা শেষৰ দিনা ওলাই আহিবা, তোমাৰ মনত যেন এইটো দুখ নাথাকে যে— 'আৰু অলপ পঢ়া হ’লে ভাল আছিল'।
তোমাৰ ধৈৰ্য্য আছে, তোমাৰ বুদ্ধিও আছে। এতিয়া কেৱল অলপ সময় দিয়া।
আহা, আমি একেলগে আমাৰ সপোনবোৰৰ দিশে আগবাঢ়ো।"

एक टिप्पणी भेजें