Subscribe Us

JSON Variables

JSON Variables

মোৰ জীৱনৰ লক্ষ্য। Class 12 Assamese Book common ৰচনা। AHSEC final examination।

 Class 12 Assamese Book common ৰচনা। AHSEC final examination। 


মোৰ জীৱনৰ লক্ষ্য


সকলো কামৰে এটা সুনির্দিষ্ট উদ্দেশ্য বা লক্ষ্য থাকিব লাগে। লক্ষ্যহীন জীৱন গুৰিয়াল হীন নাৱৰ দৰে আদবাটতে ঢলং পলং কৰি অবাধে যায়। মোৰ জীৱনৰো এটা সুনির্দিষ্ট লক্ষ্য আছে। মোৰ জীৱনৰ লক্ষ্য হ'ল এজন সৎ সাংবাদিক হোৱাটো।


লিখা মেলাৰ প্ৰতি মোৰ সৰুৰে পৰাই চখ। মই সপ্তমমান শ্ৰেণীলৈ উত্তীর্ণ হোৱাৰ পিছৰে পৰা বিভিন্ন বাতৰি কাগজলৈ আমাৰ অঞ্চলটোৰ খবৰ বাতৰি পঠাই আছোঁ, প্রকাশো হৈছে। বহু কেইটা বিষয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈছে আৰু ইতিমধ্যে আমাৰ অঞ্চলত ভালে কেইটা উন্নয়নমূলক আঁচনিৰ কাম হাতত লোৱা হৈছে। আমাৰ অঞ্চলটোত ইমান দিন কোনো স্থানীয় সংবাদদাতা নাছিল বাবে ইমান দিন অঞ্চলটোৰ সমস্যা সমূহ পোহৰলৈ অহা নাছিল। লাহে লাহে অঞ্চলটোৰ ৰাইজে মোৰ ওপৰত ভৰষা ৰখা হৈ আহিছে।


মই স্নাতক হোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ সাংবাদিকতাৰ পাঠ্যক্রম সম্পূৰ্ণ কৰিম। তাৰ পিছতেই কোনোবা এখন আগশাৰীৰ বাতৰি কাকতত সাংবাদিক জেৰ বিবে হিচাপে যোগ দিম। এতিয়াৰ পৰাই মই বাতৰি কাকতৰ সৈতে সম্পৰ্ক ৰাখি চলিছো, যেতিয়া এই ক্ষেত্ৰত মোৰ বিশেষ অসুবিধা হ'ব নালাগে।


ভাৰতবৰ্ষৰ দৰে গণতান্ত্রিক দেশ এখনত সাংবাদিক সকলৰ গধূৰ দায়িত্ব আৰু কর্তব্য আছে। সচাঁ কথা ক'বলৈ হ'লে আমাৰ ৰাজনৈতিক দল সমূহৰ সততাৰ অভাব বর্তমান। তেওঁলোকে আমাৰ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকৰ মাজত নানা ধৰনৰ বিভেদৰ বীজ সিঁচি ৰাজনৈতিক তথা দলীয়


লাভ আদায় কৰিবলৈ যত্নপৰ হয়। ফলত জনসাধাৰণৰ বিস্তৰ ক্ষতি হয়। সৎ সাংবাদিকে এই ক্ষেত্ৰত জনসাধাৰণৰ স্বাৰ্থৰ স্বপক্ষে প্ৰহৰীৰ ভূমিকাত অবতীর্ণ হ'ব পাৰে। তেওঁলোকে তেওঁলোকৰ লিখনিৰ মাধ্যমেৰে ৰাজনৈতিক দল সমূহৰ কু-অভিসন্ধিৰ স্বৰূপ উদঙাই দি দেশৰ মহৎ কল্যাণ সাধন কৰিব পাৰে। আনহাতে চৰকাৰেও বহু সময়ত দেশৰ প্ৰতিপত্তিশালী শ্রেণী নাইবা কোনো আন্তর্জাতিক সংস্থাৰ হাতৰ পুতলা হৈ তেওঁলোকৰ শ্রুতলিপি মতে আঁচনি প্ৰস্তুত কৰি তলে তলে জনসাধাৰণৰ সৰ্বনাশ কৰাৰ পাঙ পাতে। সৎ সাংবাদিক এই ক্ষেত্ৰতো জনসাধাৰণৰ স্বাৰ্থৰ স্বপক্ষে থিয় হৈ চৰকাৰক এনে ক্ষতিকাৰক আঁচনি কাৰ্য্যত পৰিণত কৰাৰ পৰা বিৰত ৰখাব পাৰে। মই নিজকে এনে ধৰণৰ সৎ সাংবাদিক ৰূপে গঢ়ি তুলিম।


জনমত গঠনত সাংবাদিক সকলৰ বিশেষ ভূমিকা আছে। ৰাজ্য বা দেশৰ সমুখত দেখা দিয়া যি কোনো সমস্যাৰ ওপৰত জনমত গঠন কৰি সংবাদপত্র সমূহ তেনে সমস্যাৰ প্ৰতি উপযুক্ত কর্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। বহু সময়ত সাংবাদিক সকলে নিৰপেক্ষ ভাবে সমস্যা বিশ্লেষণ কৰি তেওঁলোকৰ লিখনিত জনতাৰ মনৰ ভাবৰ প্ৰতিফলন ঘটায়। ফলত সামগ্রিক ভাবে দেশ তথা জাতিৰ কল্যাণ সাধন কৰে। এজন সৎ সাংবাদিকৰ বাবে ইয়াতকৈ গৌৰব আৰু আনন্দৰ বিষয় কি হ'ব পাৰে। মই নিজকে এনে বিমল আনন্দৰ অধিকাৰী হাৱাৰ বাবে প্ৰস্তুত কৰিম।


অসৎ সাংবাদিকতাৰ বাবে বা পক্ষদুষ্ট সাংবাদিকতাৰ বাবে দেশ তথা জাতিৰ কি মাৰাত্মক ক্ষতি হ'ব পাৰে সেই সম্পর্কেও মই সম্পূর্ণভাবে সচেতন। বহু সময়ত বহু সাংবাদিকে ধনৰ লোভত


বা সাময়িক সপ্তীয়া জনপ্ৰিয়তাৰ লোভত নিজৰ বিবেকক বিক্রি কৰিছে জানি বুজিও জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰে। এওঁলোকৰ বাবেই কেতিয়াবা জাতীয় জীৱনলৈ ভয়াবহ বিপদ নামি আহে। এই সাংবাদিক সকলে জানি বুজি কৰা ভুলৰ মাচুল জাতিক ভবিষ্যতে বহুদিন ধৰি দিব লগা হয়। এওঁলোকে জনসাধাৰণৰ আবেগৰ ঢৌক নিজৰ স্বাৰ্থৰ অনুকূলে ঢাল খুৱাই জাতিৰ সৰ্বনাশ সাধন কৰে। অইন সামাজিক অপৰাধীৰ দৰে এনে ধৰনৰ সাংবাদিকো সামাজিক অপৰাধী। এওঁলোকে দেশ তথা জাতিৰ অনিষ্ট সাধন কৰি সমাজৰ প্ৰগতিত বাধা জন্মায়। এনে সাংবাদিকক মই মনে প্রাণে ঘৃণা কৰোঁ। মই সাংবাদিকতাক বৃত্তি হিচাবে গ্ৰহণ কৰাৰ পিছত কোনো ধৰণৰ তোষামোদ বা প্রলোভনৰ বলি নহব'লৈ চেষ্টা কৰিম। জনসাধাৰণৰ স্বাৰ্থই হ'ব মোৰ স্বাৰ্থ ।


সাংবাদিকতাৰ জীৱন স্বাধীন আৰু ৰোমাঞ্চকৰ জীৱন। বহু সময়ত সাংবাদিকে জানি বুজিয়েই বিপদৰ স'তে যুঁজ দিব লগা হয়। সংবাদ সংগ্ৰহ কৰিবলৈ গৈ বহু সাংবাদিকে আনকি মৃত্যু বৰণ কৰিবলগীয়াও হয়। কিন্তু সেই মৃত্যু অপৰাজেয়। মই সাংবাদিক হোৱাৰ পিছত যদি তেনে মৃত্যুবৰণ হয় মই বৰং তাক গৌৰৱৰ বিষয় বুলিহে ভাবিম

Post a Comment

और नया पुराने