Subscribe Us

JSON Variables

JSON Variables

মোৰ প্ৰিয় গ্রন্থ। Class 12 Assamese Book common ৰচনা। AHSEC final examination।

 Class 12 Assamese Book common ৰচনা। AHSEC final examination। 


মোৰ প্ৰিয় গ্রন্থ


অধ্যয়নৰ প্ৰতি মোৰ সৰুৰে পৰা ৰাপ। ভালদৰে পঢ়িব হোৱাৰ পিছৰে পৰা মই অসমীয়া আৰু বঙলা ভাষাৰ ভালেমান কিতাপ পঢ়িছোঁ। পিছৰ পিনে দুই এখন ইংৰাজী আৰু হিন্দি কিতাপো পঢ়িছোঁ। মই পঢ়া এই কেইটা ভাষাৰ কিতাপৰ ভিতৰত যিখন কিতাপে মোৰ হৃদয়ত আটাইতকৈ গভীৰ সাঁচ বহুৱাইছে সেই কিতাপখন হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত 'কীৰ্ত্তন ঘোষা'।


আজিৰ পৰা পাঁচশ বছৰ আগতে অসমত নৱ বৈষ্ণৱ ধর্ম প্ৰচাৰৰ উদ্দেশে শঙ্কৰদেৱে কাপমৈলাম হাতত তুলি লৈছিল। ধর্ম প্ৰচাৰৰ বাবেই আৰু ৰাজৰোষত পৰি শঙ্কৰদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। তেওঁৰ কীৰ্তন পুথিখনৰ বিভিন্ন অংশ এনেদৰে ঘূৰি ফুৰণ অৱস্থাতেই ৰচনা কৰা সেইবাবে পুথিখনৰ খণ্ড সমূহ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰি আছিল। গুৰুজনাৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে বিভিন্ন ঠাইত থকা কীৰ্তনৰ অংশসমূহ সংগ্ৰহ কৰি সম্পাদনা কৰি উলিয়ায়।


কীর্তন ঘোষাত মুঠতে ২৯খন স্বয়ংসম্পূর্ণ খণ্ড আছে। এই খণ্ডসমূহ সুপৰিকল্পিত ভাবে সজোৱা হৈছে। প্রথম খণ্ডটোত ভগবানৰ চতুর্বিংশতি অবতাৰ বৰ্ণনা কৰা হৈছে। তাৰ পিছতে সন্নিবিষ্ট কৰা হৈছে নাম অপৰাধ। তাৰ পিছত পাষণ্ড মর্দন....। অজামিল উপাখ্যানত গুৰুজনাই হৰি নামৰ দ্বাৰা কেনেদৰে মহা পাপীৰো মুক্তি লাভ হয় তাকে দেখুৱাইছে। প্ৰহ্লাদ চৰিত খণ্ডৰ


জৰিয়তে হৰিনামৰ ইয়াত মাহাত্ম্য প্ৰকাশ কৰিছে; ইত্যাদি ধৰনে এটাৰ পিছত আন এটাকৈ খণ্ডসমূহ সজোৱা হৈছে।


শঙ্কৰদেৱ নিজে সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত ভাষাৰ গ্ৰন্থ ৰচক সকলেহে সেই সময়ত কৌলিন্য পাইছিল। কিন্তু শঙ্কৰদেৱে বুজি পাইছিল যে সংস্কৃত ভাষা সৰ্বসাধাৰণৰ বোধগম্য ভাষা নহয়। গতিকে ভাষাৰ ভালে মাধ্যমেৰে জনসাধাৰণৰ মাজত ধৰ্ম প্ৰচাৰ কৰিবলৈ হ'লে জনসাধাৰণৰ ভাষাতেই গ্রন্থ ৰচনা কৰিব লাগিব। সেইবাবেই তেওঁ ভাগবত, পুৰাণ, সংহিতা আদি সংস্কৃত শাস্ত্র মথি অসমীয়া ভাষাত তেওঁৰ জীৱনৰ কীৰ্তি স্তম্ভ 'কীৰ্ত্তন ঘোষা' গ্ৰন্থখন ৰচনা কৰিছিল।


কীর্তন গ্রন্থখনক মোৰ প্ৰিয় গ্রন্থ হিচাপে নিৰ্ধাৰণ কৰাৰ কাৰণ বহুতো। আমাৰ ঘৰৰ সমুখতে এটা ৰাজহুৱা নামঘৰ আছে। তাতে নিতৌ পুৱা-গধূলি আয়তী সকলৰ মুখত কীৰ্তনৰ পদ ঘোষা শুনি আৰু সন্ধিয়া আইতাৰ মুখত কীর্তনৰেই সাধু শুনি অতি সৰু কালিৰে পৰা কীৰ্তনৰ প্ৰতি মোৰ দুৰ্বলতা উপজিছিল। ভাল দৰে আখৰ চিনা হোৱাৰ পিছত মই বাৰে বাৰে কীৰ্তন পঢ়িছোঁ। প্রতি বাৰে নতুনত্বৰ সোৱাদ পাইছোঁ।


কীৰ্তনত নবৰসৰ সমাবেশ ঘটিছে। ইয়াত হাস্য, বীৰ, ভয়ানক, শৃঙ্গাৰ আদি বিভিন্ন ৰস মই পান কৰিছোঁ। যদুকুল ধ্বংস হোৱাত ব্ৰজনাৰী সকলৰ কৰুণ বিননি শুনি মই নীৰবে চকুলো টুকিছোঁ, হিৰণ্যকশিপুক সংহাৰ কৰিবলৈ স্তম্ভৰ পৰা ওলাই অহা নৰসিংহৰ বৰ্ণনা পঢ়ি ভয়ত বিতত হৈছোঁ, অজামিলৰ উপাখ্যান পঢ়ি ভক্তি ভাবত আপ্লুত হৈছোঁ, হৰমোহন খণ্ড পঢ়ি হাস্য ৰসৰ লগতে বীভৎস চাৰো ৰসৰো সোৱাদ লৈছোঁ।


কীর্তন পঢ়াৰ পূৰ্বে ধৰ্মৰ প্ৰতি মোৰ বিশেষ ধাউতি নাছিল। কিন্তু কীর্তন অধ্যয়ন কৰাৰ পিছৰ পৰা ভগবানৰ অপাৰ কৰুণা আৰু শক্তিৰ কথা উপলব্ধি কৰি মই বিস্ময়াভিভূত হৈছোঁ। মই এতিয়া বিশ্বাস কৰিছোঁ ভগবান সর্বব্যাপী আছে।


কীর্তন পঢ়ি যে অকল হিন্দুধর্মাবলম্বী লোকেই আনন্দ পাব তেনে নহয়, ধৰ্মৰ দিশটো বাদ দিলেও অকল উৎকৃষ্ট সাহিত্য হিচাবেই যি কোনো লোকেই ইয়াত আনন্দৰ খোৰাক পাব। সেই কাৰণতে কীর্তন যুগজয়ী কালজয়ী এক সাহিত্য কীর্তি।

Post a Comment

और नया पुराने