Class 12 Assamese Book common ৰচনা। AHSEC final examination।
বিজ্ঞানৰ অবদান
ৰাতিপুৱা বিচনাৰ পৰা উঠি টুথ ব্রাচ ডাল হাতত লোৱাৰ পিছৰ পৰা ৰাতি বিচনাত পৰা লৈকে আমি বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰৰ মাজত এনেদৰে বুৰ গৈ আছোঁ যে মাছে পানীত থাকি পানীৰ অস্তিত্বৰ কথা উপলব্ধি নকৰাৰ দৰে বা মানুহক ধৰি অইন জীৱ জক্তই বায়ুৰ সমুদ্ৰৰ মাজত বুৰ গৈ থাকি বায়ুৰ অস্তিত্বৰ কথা উপলব্ধি নকৰাৰ দৰে আমিও বিজ্ঞানৰ এই বিস্ময়কৰ অবদান সমূহৰ কথা উপলব্ধি কৰিব নোৱাৰোঁ।
ক্ষুধা আৰু সৌন্দৰ্য্যৰ তাড়না মানুহৰ জন্মগত তাড়না। অর্থাৎ মানুহে সদায় নিজৰ বৰ্তমানৰ অৱস্থাতকৈ এটা সুন্দৰ অৰ্থাৎ উন্নততৰ অৱস্থা সৃষ্টি কৰিবলৈ বিচাৰে। মানুহৰ এই তাড়নাৰ বাবেই মানৱ সভ্যতাৰ অগ্রগতি সম্ভব হৈছে। দৰাচলতে জুইৰ আৱিষ্কাৰ বা কৃষি পদ্ধতিৰ আৱিষ্কাৰেই প্ৰকৃত অৰ্থত বিজ্ঞানৰ প্রথম আৱিষ্কাৰ বুলি ক'ব পাৰি। তেতিয়াৰ পৰাই ধীৰে ধীৰে বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ'ল।
কিন্তু আধুনিক অর্থত বিজ্ঞানৰ যুগৰ আৰম্ভণি হয় অষ্ঠাদশ শতিকাৰ বাষ্পযন্ত্ৰৰ আৱিষ্কাৰৰ লগে লগে। যন্ত্রচালিত জাহাজ আটলান্টিকৰ ইপাৰ সিপাৰ হোৱাটোৱেই বিজ্ঞানৰ প্ৰথম বিস্ময় বুলি গণ্য কৰা হৈছিল। তাৰ পিছৰ বিস্ময়কৰ আৱিষ্কাৰ হ'ল ৰেলৰ ইঞ্জিন। তাৰ পিছত আহিল বিদ্যুতৰ যুগ। মেঘে মেঘে খুন্দা খাই সৃষ্টি হোৱা বিজুলীৰ চিকমিকনি দেখি মানুহে ধৰাৰ বুকুতো সেই বিজুলীৰ সৃষ্টি কৰাৰ বাবে তৎপৰ হ'ল। বিজুলী শক্তিৰ আৱিষ্কাৰে শিল্প উদ্যোগ আৰু যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিলে। তাঁৰৰ মাজেদি মানুহে এঠাইৰ পৰা
আন ঠাইলৈ কথা পঠাব পৰা হ'ল। এটা সময়ত মার্কনিয়ে তাঁৰ নোহোৱাকৈয়ে বাতৰি পঠোৱাৰ কৌশল আৱিষ্কাৰ কৰি পুনৰ এক বিস্ময়ৰ সূচনা কৰে। তাৰ পিছতে আবিষ্কাৰ হ'ল দূৰদৰ্শনৰ । উৰাজাহাজৰ আৱিষ্কাৰে মানুহক চৰাইৰ দৰে নীলাকাশৰ বুকুত উৰি ফুৰাৰ সপোন বাস্তবত ৰূপায়িত কৰাৰ সুযোগ দিলে।
সেই দৰে মহাকাশ গবেষণাৰ ক্ষেত্ৰতো যুগান্তকাৰী আবিষ্কাৰ সম্ভব হৈছে। চন্দ্রলৈ মানুহ যোৱা কথাটো এতিয়া তাহানিৰ কথা। মহাকাশত নিক্ষেপ কৰা কৃত্রিম উপগ্রহ সমূহে অহোর্নিশে মানুহৰ সেৱা কৰিব লাগিছে।
চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো অভাবনীয় উন্নতি সাধন হৈছে। আগতে দুৰাৰোগ্য বুলি ভবা বহু ধৰণৰ বেমাৰ সদ্যহঁতে অনায়াসে আৰোগ কৰিব পৰাটো সম্ভৱ হৈছে। কিছুমান বেমাৰ চিৰদিনলৈ নির্মূল কৰা হৈছে। প্রতিষেধক ছিটা আদিৰ জৰিয়তে অইন কিছুমান বেমাৰ মানুহৰ শৰীৰত দেখা দিব নোৱাৰা কৰা হৈছে।
বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানুহৰ কায়িক শ্রম লাঘব কৰাৰ বাবে মানুহৰ অবসৰৰ সময় বাঢ়িছে। গতিকে মানুহে অবসৰৰ সময় সাহিত্য সংস্কৃতিৰ সাধনা কৰাত নিয়োগ কৰিব পৰা হৈছে। ফলত বিজ্ঞানৰ উন্নতিৰ লগে লগে সাহিত্য সংস্কৃতিৰো উন্নতি সাধন হৈছে।
এইদৰে দেখা যায় বিজ্ঞানৰ বিস্ময়কৰ আবিষ্কাৰ সমূহে মানুহৰ সভ্যতা সংস্কৃতিক ধাপে ধাপে আগবঢ়াই লৈ গৈছে। সেইবাবেই বিজ্ঞানক মানুহে আশীৰ্বাদ বুলি অভিহিত কৰে।
কিন্তু একে সময়তে মানুহে বিজ্ঞানৰ ধ্বংসাত্মক দিশটোও প্রত্যক্ষ কৰিছে। বিজ্ঞানৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই তৈয়াৰ কৰি উলিওৱা নানা ধৰণৰ আণবিক মাৰু ৰাসায়নিক মাৰণাস্ত্ৰ আৰু সিবোৰৰ সহায়ত বিশ্বৰ বিভিন্ন শক্তি সমূহে শীতল যুদ্ধত অৱতীৰ্ণ হৈছে। উদাহৰণ স্বৰূপে আমি দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ ধ্বংসলীলাৰ কথাই কব পাৰোঁ।
ঠিক এই দৰে বৈজ্ঞানিক আৱিষ্কাৰ সমূহে মানুহৰ মনক অধিক বস্তুবাদী কৰি তোলাৰ বাবে মানুহৰ মন অধিক ৰূঢ় আৰু কঠোৰ হৈছে। ফলত মানুহৰ অন্তৰৰ পৰা দয়া মমতা আদি স্বাভাবিক আৰু সহজাত প্রবৃত্তি সমূহ অন্তর্হিত হৈছে। সেই বাবেই আজিৰ পৃথিৱীখন ঠগ, প্রবঞ্চনা, হত্যা, আদিৰে ভৰি পৰিছে।
কিন্তু সূক্ষ্মভাবে বিচাৰ কৰিলে দেখা যায় বিজ্ঞানৰ ধ্বংসাত্মক দিশটোৰ বাবে বিজ্ঞান নহয়, মানুহহে, দায়ী। উদাহৰণ স্বৰূপে মাৰণাস্ত্র সমূহৰ কথাকেই কব পাৰি। সত্য সন্ধানী বৈজ্ঞানিক সকলে মানুহৰ ধ্বংস যজ্ঞ অনুষ্ঠিত কৰাৰ বাবে এই বিলাকৰ আৱিষ্কাৰ কৰা নাছিল। আলফ্রেড ডিনামাইট আৱিষ্কাৰ কৰিছিল পৰ্বত পাহাৰ ভাঙি ৰাস্তা ঘাট নির্মাণ কৰাৰ বাবে। কিন্তু সেই ডিনামাইট যদি নগৰ চহৰ ধ্বংস কৰা কাৰ্য্যত ব্যৱহাৰ কৰা হয় তাৰ বাবে জানো বৈজ্ঞানিক দায়ী? দা বা চুৰি আদি তৈয়াৰ কৰা হৈছে মূলতঃ মানুহৰ কল্যাণ সাধনৰ বাবে। সেই দা বা চুৰিৰে যদি প্ৰাণীক বা মানুহক হত্যা কৰা হয় তাৰ বাবে দা বা চুৰি কটাৰী আদি দায়ী নহয়। গতিকে কব পৰা যায় বিজ্ঞানৰ আৱিষ্কাৰ সমূহ নিঃসন্দেহে মানুহৰ বাবে আশীর্বাদ। বিজ্ঞানেই মানৱ সভ্যতাৰ জন্ম দিছে, ইয়াক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে আৰু ভবিষ্যতে এই সভ্যতাক অধিক সমৃদ্ধিশালী কৰাৰ দায়িত্বও বিজ্ঞানৰ।
Written by Eduaxom
إرسال تعليق