Subscribe Us

JSON Variables

JSON Variables

Class 12 Assamese chapter 3 question answer। আনন্দৰাম বৰুৱা।

 অধ্যায় ৩ উত্তৰ

পাঠ-৩

আনন্দৰাম বৰুৱা 


অতি চমু প্ৰশ্ন (mark-1)


১। আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।


২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল।


৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই তেওঁৰ 'মহাবীৰ চৰিত'ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।


৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা। 

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্সমুলাৰ।


৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?

উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম।


প্ৰশ্ন (ৰেটিং-২/৩)


১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰ: আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্রেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্রতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে।


২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোগলৈ যাবলৈ পথ আছিল অতি দুর্গম। আনহাতে বিলাতলৈ গলে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল।


৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুর্নভেম্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম-জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল।


৪। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা।

উত্তৰঃ আংপান পিতৃ-মাতৃ, ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভার। সেয়েহে প্রকাশিত গ্রন্থৰাজিত তেওঁ নিজকে 'প্রাগজ্যোতিষপুৰসম্ভৱম' বুলি পৰিচয় দিছে। "মহাবীৰ চৰিত"ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে যতেই সুবিধা পাইছে ভ'তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশদ্ৰেমৰ পৰিচয় দিছে।


৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুর্গম পথৰ লাতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকর্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল। তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে।


দীঘলীয়া প্ৰশ্ন (ৰেটিং-৪/৫)


১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ সংসাৰত সমযে সময়ে এনে কিছুমান মানুহ জন্মগ্রহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীর্তি ৰাখি যাবলৈ সক্ষম হৈছে। আন অসমীয়াৰ দৰে সাধাৰণ ভাবেই ডাঙৰ-দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচা আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাতাৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। তদুপৰি যিসময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ টা জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল।

এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে।


২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰ: মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ল- ধৈর্য আৰু একাগ্রতা। একাগ্রতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পড়া বিষয়টো তেওঁ একমনা আছিল। সেয়েহে গোটেই "অমৰ কোষ" খনি তেওঁ ল'ৰা কালতে কণ্ঠস্ব কৰিব পাৰিছিল।


৩। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।

'কমই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।'

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুখি "সাহিত্য সৌৰভ'ৰ অন্তৰ্গত "আনন্দৰাম বৰুৱা' নামৰ পাঠটোৰ পৰা ভুলি দি হৈছে। পাঠটিৰ লেখক উপেন্দ্রচন্দ্র লেখাৰুদেৱ। আনন্দৰাম বৰুৱাৰ একান্ত কর্মনিষ্ঠভাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্রশংসা নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্রণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল।


৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিযে এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰআদর্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম আৰু একাগ্রতা। কর্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোগলৈ যাবলৈ ভয় কৰিছিল ভেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্রন্থ ৰচনা কৰি প্ৰাচা আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ যতেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্রদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ।


৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা।

উত্তৰঃ নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোদলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল। এইসমূহৰ লগত তেওঁলোক পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্রন্থ ৰচনা হোৱা নাছিল। ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল। কিচ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা - A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar, Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ'ল। তেওঁ এই কৰ্মৰাজিযে ভাৰতীয় সাহিত্যৰ এটা নৱাৰ সূচনা কৰিলে আৰু প্রাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ'ল।


অতিৰিক্তঃ


১। ১৮৭২ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত "ইণ্ডিয়ান চিভিল চাৰ্ভিছ"ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভকৰে। তেওঁ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয়। উত্তৰ, আনন্দৰাম বৰুৱা।


২। ১৯৭০ চনত খিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিংশ অধিৱেশনত আনন্দৰাম বৰুৱা সভাপতি আছিল।


৩। উপেন্দ্রচন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন গ্রন্থ

উ:- ভক্তি বিবেক আৰু কথা সাহিত্য।


৪। উপেন্দ্রচন্ড লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম


উত্তৰ:--কথা-গুৰুচৰিত।


প্ৰস্তুত কৰা হৈছে অধ্যয়ন ছাত্ৰৰ দ্বাৰা


অসমীয়া চলচ্চিত্ৰ আৰু গতিধাৰা

Post a Comment

أحدث أقدم