Subscribe Us

JSON Variables

JSON Variables

Class 12 Assamese chapter 4 question answer। ভাৰতীয় আদর্শত বৈৰাগ্য Chapter 4।

ভাৰতীয় আদর্শত বৈৰাগ্য

Chapter 4


 অতি চমু প্রশ্ন উত্তৰ (মূল্যাংক-১)

১। ভাৰতীয় আদর্শত বৈৰাগ্য স্থান কেনেকুৱা?

উত্তৰ : পাঠটিত উল্লেখ কৰা মতে ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।


২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ ঋক্, যজুঃ ,সাম আৰু অথর্ব—এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ।


৩। কর্ম আৰু কৌশলক ভগৱদ গীতাত কি যােগ বুলি কৈছে?

উত্তৰঃ কর্মযােগ।


৪। তীর্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম কি?

উত্তৰঃ কামসেন্দুৰ


৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ সত্য আৰু ধর্ম।


চমু প্রশ্ন উত্তৰ (মূল্যাংক-২/৩)

১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰ :’সংবিভাজ্য’ শব্দটিয়ে সমানে বিতৰণ বা ভাগ কৰা বুজাইছে।


২। ‘শ্রদ্ধয়া দেয়ম’ অশ্রদ্ধয়া অদেয়ম’ মানে কি?

উত্তৰ: শ্ৰদ্ধয়া দেয়ম’ মানে শ্ৰদ্ধাৰে দান কৰিবা আৰু অশ্রদ্ধয়া অদেয়ম’ মানে অশ্রদ্ধাযুক্ত মন লৈ দান কৰা- নকৰা সমান।



৩। প্রকৃত ত্যাগ মানে কি বুজা?

উত্তৰ: প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনােধর্ম। সম্পদ থাকিও সংযতভাবে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোহে প্রকৃত ত্যাগ।


8। ঈশােপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?

উত্তৰ: ‘ভূঞ্জীথা’ মানে ত্যাগ কৰিহে ভােগ কৰা অর্থাৎ নিজ ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভােগ কৰাটোৱেই উপনিষদৰ বিধান।


৫। ’অতিথি দেবাে ভৱ’ মানে কি?

উত্তৰঃ ‘অতিথি দেবাে ভৱ’ মানে অতিথি বা আলহী ভগৱানৰ সমতুল্য। ঘৰলৈ অহা অতিথি- আলহীক সেইকাৰণে ভালদৰে সেৱা-সৎকাৰ কৰিব লাগে।


আপুনি যদি Class 12 Assamese Chapter 5 Question Answer পঢ়ি আছে তেন্তে নিশ্চয় আপোনাক সহায় কৰিব বুজি বুজি পাইছে তেন্তে আনৰ সৈতে Share কৰক। যদি আপুনি এই লিখনীৰ PDF Notes ডাউনলোড কৰিব বিচাৰে তেন্তে একেবাৰে তলফালে যাওঁক। তাৰ পৰা আপুনি Class 12 Assamese Chapter 5 Question Answer PDF ডাউনলোড কৰিব পাৰিব।


দীঘল প্রশ্ন (মূল্যাংক-৪/৫)

১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’—কথাষাৰ বহলাই লিখা।

উত্তৰ: সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱন এটাৰ দৈন্যচিত্র এখন আমাৰ মূল শাস্ত্রবােৰে দাঙি ধৰা নাই। সেইদৰে নিষ্কৰ্মাৰ কলেহুৱা জীৱনধাৰাৰ প্রশংসাও কেতিয়াও কৰা নাই। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। ভাৰতীয় লােকৰ প্রচলিত ৰীতি-নীতি আৰু জীৱন চর্চাৰ বহুবােৰ দিশ বেদত সন্নিৱিষ্ট হৈ আছে। বেদ চাৰিখন। সেই কেইখন হৈছে- ঋকবেদ, যজুবেদ, অর্থববেদ, আৰু সামবেদ। ঋকবেদ, প্ৰমুখ্যে বৈদিক শাস্ত্ৰকেইখনত থকা মন্ত্ৰ আৰু ঋষি-মুনিৰ প্রার্থনাত এটা উজ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পােৱা যায়। ঋক,যজু,সাম আৰু অথর্ব—এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। এই বেদসমূহত সুকাৰ্যৰ মাজেৰে জীৱন-যাপনৰ প্রণালীৰ কথা বাংময় ৰূপত ব্যক্ত হৈ আছে।


২। চাৰি আশ্ৰম বুলিলে কি বুজা ?

উত্তৰ: ভাৰতীয় আদর্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে। উক্ত স্থৰ চাৰিটাকে চাৰি আশ্রম বােলা হয়। এই চাৰি আশ্ৰম হৈছে—ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।



৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কেৰিা হৈছে?

উত্তৰ: বৈৰাগ্য মানে হৈছে বিৰাগ। বিষয় বা ইন্দ্রিয় ভােগৰ প্ৰতি অনশক্তিকে বৈৰাগ্য বুলিব পাৰি। কাম কৰিও জীৱনত নিৰাসক্তভাৱে থাকি মানুহে প্রকৃত সত্য উদঘাটন কৰিব পৰাটোকে ভাৰতীয় আদর্শত বৈৰাগ্য বুলি উল্লেখ কৰা হৈছে। থাকিও সংযতভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সগতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাশক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।


৪। গুৰুৱে শিক্ষার্থী অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?

উত্তৰ :গুৰুৱে বিদ্যার্থী অধ্যয়ন সমাপ্ত হােৱাৰ পিছত সত্য কবলৈ আৰু ধর্ম আচৰণ কৰিবলৈ কৈছিল। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিব দিছিল।


সত্যৰ পৰা বিচ্যুত নহ’বলৈ, ধৰ্মৰ অথাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবলৈ উপদেশ দিছিল। ধন সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবলৈ কিন্তু ধর্মপথৰ পৰা বিচ্যুত নােহোৱাকৈ থাকিবলৈ উপদেশ দিছিল। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰসাদগ্রস্ত নহ’বলৈ উপদেশ প্রদান কৰিছিল, মাতৃক দেৱতাৰ দৰে মানিবলৈ, পিতৃক দেৱতাৰ দৰে মানিবলৈ আৰু আচার্ক দেৱতাৰ দৰে মান্য কৰিবলৈ উপদেশ দিছিল। যিবােৰ অনিন্দনীয় কাম সেইবােৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হােৱা বিদ্যার্থীক উপদেশ দিছিল। ডাঙৰৰ যিবােৰ ভাল সেইবােৰ আচৰণ কৰিবলৈ আৰু ডাঙৰৰ যিবােৰ বেয়া সেইবােৰ পৰিহাৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হােৱাৰ পিছত বিদ্যার্থীক উপদেশ দিছিল।


৫। ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তােমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰ :বৈৰাগ্য অর্থাৎ বিষয় বা ইন্দ্রিয় ভােগৰ প্রতি অনাসক্তি ভাৰতীয় আদৰ্শৰ এটি ধাৰা। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্রধান ভূমিকা গ্ৰহণ কৰিছে। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম। কাম কৰিও নিৰাসক্ত ভাবে থাকি মানুহে জীৱনৰ প্রকৃত সত্য উদঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদৰ্শৰ বৈৰাগ্য। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধর্ম পালন কৰাৰ কথা প্রাচীন গ্রন্থবােৰত লেখা আছে।


ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালগে বোলা ত্যাগ আৰু নােপােৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনােধর্ম। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন,নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নােপােৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয়ৰণৰ তুল্য থাকিও সংযত ভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্যৰ ৰূপ ভাৰতীয় আদর্শত প্রতিষ্ঠিত।



Post a Comment

और नया पुराने