চিঠি
Chapter 5
আৰ্হি প্ৰশ্ন উত্তৰ
অতি চমু প্ৰশ্ন উত্তৰ (মূল্যাংক-১)
১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।
২।শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ শীলভদ্রই ১৯৯৪ চনত ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে দিছিল।
৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল। আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল।তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল।এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল,যাৰ দূৰত্ব আছিল কমেও চাৰি মাইল।
চমু প্ৰশ্ন উত্তৰ (মূল্যাংক-২/৩)
১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?
উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল,তেতিয়া তেওঁৰ পৰিবাৰক কিছু দিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে।
২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল-১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে।তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে।যোগসূত্ৰ ৰাখিবলৈ গাড়ী,ফোন নাই।ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই।কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।
৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?
উত্তৰঃ চিঠি এখনেই চিঠিৰ মূল্য।কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক।পৰিচিত-অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল।সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতুহল জন্মে।সেইবাবে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয়।আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।
৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
উত্তৰঃ বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়।কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম,যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয়।সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।
visited- EduAxom
एक टिप्पणी भेजें